July 22, 2026 11:19 AM

views 17

বিৰোধী পক্ষই সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ অভিযোগ উত্থাপন

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রী প্রধানে কালি সামাজিক মাধ্যম যোগে কয়, যে শ্রী গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে আৰু সুৰক্ষাৰ নিয়মৰ প্ৰতি অৱহেলা কৰিছে। তেওঁ কয়, যে চৰকাৰ নীটৰ বিষয়লৈ সংসদত বিস্তৃতভাৱে আলোচনা কৰিবলৈ সাজু যদ...

June 17, 2026 2:14 PM

views 23

সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক-পৰীক্ষাৰ্থীক অনলাইন মঞ্চত বিয়পা জালিয়াতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত সংস্থাটোরে কয়, যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্ট চক্রই পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা ১৪ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পর্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এইধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোরে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্রধান অভ...

June 15, 2026 1:49 PM

views 23

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা, নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে এন টি এ-ৰ ৱেৱছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। ২১ জুনত দিনৰ ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। এন টি এই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্র ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।

June 9, 2026 8:02 PM

views 28

নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য দিল্লীৰ আদালতৰ

দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্রশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰেৰ জামিন আবেদন অগ্রাহ্য কৰে। চি বি আয়ে বর্তমান তদন্ত কৰি থকা গোচৰটোৰ দুয়ো পক্ষৰ যুক্তিতর্ক শুনাৰ পাছত ৰাউজ এভিনিউ আদালতে অভিযুক্তজনৰ জামিন আবেদন প্রত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

June 8, 2026 11:48 AM

views 36

অহা ২১ জুনত নীট পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া চহৰসমূহৰ নাম প্ৰকাশ

অহা ২১ জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা, নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি ২১ জুনত দেশৰ ৫৫১ খন চহৰ আৰু বিদেশৰ ১৪ খন চহৰত বিয়লি ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় ...

May 3, 2025 7:30 PM

views 79

কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে NEET পৰীক্ষা

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা চমুকৈ NEET অনুষ্ঠিত হ'ব। পৰীক্ষা ত্রুটিহীন পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে নিৰীক্ষক হিচাপে একোজনকৈ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া এটা বিশেষ নির্দেশনা জৰিয়তে নিয়োগ কৰিছে। বিয়লি ২ বজাৰ পৰা ৫ বজালৈ হ'বলগীয়া পৰীক্ষাৰ বাবে প্ৰতিখন জিলাতে প্রশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃশীলভাৱে যিকোনো লোকৰ ...

April 14, 2025 7:39 PM

views 63

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষার্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনা...

July 23, 2024 10:04 AM

views 57

নীট স্নাতক পৰীক্ষা সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক  বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নীট স্নাতক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ এটা প্ৰশ্নত দিয়া দুটা বিকল্প উত্তৰক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই শুদ্ধ বুলি গন্য কৰা সিদ্ধান্ত সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক এখন বিশেষজ্ঞ সমিতি গঠন কৰি মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আজি দিনৰ ১২ বজাৰ ভিতৰত সমিতিখনক নিজৰ মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰা হ'ব ।

July 18, 2024 8:53 PM

views 64

নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে শনিবাৰে দিনৰ ১২ বজা পর্যন্ত ৱেবচাইট যোগে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশৰ পৰীক্ষা নীট ইউ জিৰ সকলো শিক্ষাৰ্থীৰ ফলাফল প্রকাশ কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দাকিল কৰা প্ৰায় ৪০ খন আবেদনৰ শুনানিলৈ প্ৰাৰ্থীসকলৰ পৰিচয় গোপনে ৰাখি চহৰ আৰু কেন্দ্ৰ ভিত...

July 12, 2024 9:41 AM

views 50

নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ চিবিআইৰ

■ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকি নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ব্যক্তিজনক ১০ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰকিৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখীয়াৰ সৈতে যোগসূত্র আছে। সঞ্জীৱ মুখীয়া ২ দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে। ৰকিক গ্রেপ্তাৰে চি বি আইক তদন্তত সহায় কৰিব। তদন্তকাৰী সংস্থাটোৱে এতিয়া...