ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প’ষ্টত সংস্থাটোরে কয়, যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্ট চক্রই পুনৰবাৰ হ’বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা ১৪ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পর্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এইধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোরে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্রধান অভিষেক সিঙে কয়, যে এইবেলি প্রতিখন প্রশ্নকাকত সম্পূর্ণ সাবধানতা অবলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্রতিশ্রুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অবলম্বন কৰিছে বুলি শ্রীসিঙে প্রকাশ কৰে।
অসমতো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীট পৰীক্ষা পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ সভাপতিত্বত কালি এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এৰ দ্বাৰা বিশেষভাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া-কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ম’বাইল ফোনৰ ব্যৱহাৰ সম্পূর্ণরূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। তদুপৰি জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকসকলক টুং কম আৰু পৰীক্ষাকেন্দ্রসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰবহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়া হয়।