উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নীট স্নাতক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ এটা প্ৰশ্নত দিয়া দুটা বিকল্প উত্তৰক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই শুদ্ধ বুলি গন্য কৰা সিদ্ধান্ত সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক এখন বিশেষজ্ঞ সমিতি গঠন কৰি মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আজি দিনৰ ১২ বজাৰ ভিতৰত সমিতিখনক নিজৰ মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰা হ’ব ।
Assamese | July 23, 2024 10:04 AM | NEET Exam
নীট স্নাতক পৰীক্ষা সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীক বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ