ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা, নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে।
পৰীক্ষাৰ্থীসকলে এন টি এ-ৰ ৱেৱছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব।
২১ জুনত দিনৰ ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষা অনুষ্ঠিত হ’ব। এন টি এই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্র ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।