সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা চমুকৈ NEET অনুষ্ঠিত হ’ব। পৰীক্ষা ত্রুটিহীন পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে নিৰীক্ষক হিচাপে একোজনকৈ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া এটা বিশেষ নির্দেশনা জৰিয়তে নিয়োগ কৰিছে। বিয়লি ২ বজাৰ পৰা ৫ বজালৈ হ’বলগীয়া পৰীক্ষাৰ বাবে প্ৰতিখন জিলাতে প্রশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃশীলভাৱে যিকোনো লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীয়ে কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত প্ৰৱেশ পত্ৰ দেখুৱাইছে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। একেদৰে পৰীক্ষাত নিয়োজিত বিষয়া-কৰ্মচাৰী, আইন শৃংখলা আৰু জৰুৰীকালীন সেৱাত নিয়োজিত চৰকাৰী বিষয়া- কৰ্মচাৰীয়েহে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব। পৰীক্ষাৰ্থীয়ে কেলকুলেটৰ, মোবাইল ফোনকে ধৰি যিকোনো ধৰণৰ যোগাযোগৰ বৈদ্যুতিন সামগ্ৰী বা কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো বিপণীয়ো খোলা ৰাখিব নোৱাৰিব। পৰৱৰ্তী নির্দেশনা নিদিয়া পর্যন্ত এই বাধা আৰোপ বাহাল থাকিব আৰু কোনো ব্যক্তিয়ে বাধা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা ২০২৩ৰ ২২৩ ধাৰাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
Assamese | May 3, 2025 7:30 PM | NEET Exam
কাইলৈ চিকিৎসা আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তিৰ বাবে NEET পৰীক্ষা