কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ উৎকৰ্ষতা কেন্দ্ৰই যুগুত কৰা ৪১ খন গ্রন্থ উন্মোচন কৰিব। ভাৰতীয় ভাষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ অধীনত এই গ্রন্থসমূহ সংকলন কৰা হৈছে। এই অনুষ্ঠানত তামিল ভাষাৰ কেন্দ্ৰীয় প্রতিষ্ঠান, তিৰুকুৰালৰ ৪৫টা খণ্ডৰ সাংকেতিক ভাষাৰ লগতে ১৩খন গ্রন্থ মুকলি কৰা হ’ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শিক্ষা মন্ত্ৰ্যালয়ে কয়, যে এই পদক্ষেপে ধ্রুপদী ভাষা অধ্যয়নক শক্তিশালী কৰাৰ লগতে ভাৰতৰ সাহিত্যিক ঐতিহ্য সংৰক্ষণৰ ওপৰতো বিশেষ ভূমিকা গ্রহণ কৰিছে।
Assamese | January 6, 2026 12:14 PM | Dharmendra Pradhan
কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ উৎকৰ্ষতা কেন্দ্ৰই যুগুত কৰা ৪১ খন গ্রন্থ উন্মোচন ধর্মেন্দ্র প্রধানৰ