কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে বিজ্ঞানী, উদ্ভাৱক আৰু নীতি নির্মাতাসকলে একেলগ হৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত এটা পৰিস্থিতিতন্ত্ৰ গঠনৰ বাবে এয়াই হৈছে উপযুক্ত সময়। হায়দাবাদত যুৱ বিজ্ঞানীসকলৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহ তথা গ্ল’বেল ইয়ং একাডেমীৰ বাৰ্ষিক সাধাৰণ বৈঠকত অংশ লৈ শ্ৰী প্ৰধানে বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। ভাৰতীয় সভ্যতাৰ পৰম্পৰাত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বসুধৈৱ কুটুম্বকম-এখন পৃথিৱী এটা পৰিয়াল আৰু এটা ভৱিষ্যৎ কেৱল এটা শ্লোগানেই নহয়, বৰঞ্চ ই হৈছে ভাৰতৰ বাবে জীৱন নিৰ্বাহৰ এটা পথ। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতা, মিছন লাইফ আৰু ভাৰতীয় বিজ্ঞান আৰু গৱেষণা ফেলোশ্বিপৰ দৰে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সক্ৰিয়তাসমূহে বিশ্ব বন্ধুত্বৰ ভাৱনাক প্ৰতিফলিত কৰে।
Assamese | June 10, 2025 7:56 PM | Akashvani News | Dharmendra Pradhan
বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ আহ্বান