December 22, 2024 11:02 AM

views 57

বিভিন্ন শৈক্ষিক পাঠ্যক্রমসমূহ শিক্ষার্থীসকলে আঞ্চলিক ভাষাত উপলব্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰকাশ

বিভিন্ন শৈক্ষিক পাঠ্যক্রমসমূহ শিক্ষার্থীসকলে আঞ্চলিক ভাষাতো যাতে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি কালি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। এই বছৰ চৌধুৰী চৰণ সিং বঁটাৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত কাম কৰি থকা লোকসকলক সন্মান যচাৰ উদ্দেশ্যে এই বঁটাৰ প্ৰৱৰ্তন কৰা হৈছে বুলি উল্লেখ কৰে। দেশৰ মুঠ ঘৰুৱা উৎপাদনত কৃষি অর্থনীতিৰ সৰ্বাধিক অৱদান আছে বুলি তেওঁ উল্লেখ কৰে।

November 6, 2024 7:59 PM

views 63

বিদ্যালক্ষ্মী আঁচনিত অনুমোদনেৰে উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ব : শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কৈছে যে, কেবিনেটে ৩ হাজাৰ ৬০০ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন দিয়াৰ ফলত উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব আৰু দেশৰ যুৱক-যুৱতীসকলে নিজৰ সপোন পূৰণ কৰিব পাৰিব। শ্রীপ্রধানে সামাজিক মাধ্যমযোগে কয় যে, প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ অধীনত অতিৰিক্ত বন্ধকীমুক্ত আৰু নিশ্চয়তা প্ৰদান কৰোতা অবিহনে লাভ কৰা শিক্ষা ঋণ ব্যৱস্থাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা লাভৰ পথ সুগম কৰি তুলিব। ত...

October 14, 2024 7:37 PM

views 85

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছেঃ ধর্মেন্দ্র প্রধান

নতুন শিক্ষানীতিয়ে শিক্ষার্থীসকলৰ মাজত ভাৱাদৰ্শ সৃষ্টি তথা গোলকীয়ভাৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে বুলি শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ কৌশলগত মিত্রতা মঞ্চই আয়োজন কৰা ভাৰত নেতৃত্ব শীর্ষ সন্মিলন ২০২৪ ত তেওঁ ভাষণ প্ৰসংগত এইকথা প্রকাশ কৰে। দেশত নতুন শিক্ষানীতি ৰূপায়ণৰ পঞ্চম বৰ্ষৰ বিষয়ে উল্লেখ কৰি তেওঁ এই দিশটোক প্ৰশংসা কৰে ৷ চৰকাৰে বিশ্ববিদ্যালয়সমূহক ভাৰতত শাখা মুকলি কৰিবলৈ আমন্ত্ৰণ জনোৱা বুলিও তেওঁ সদৰি কৰে। শিক্ষার্...

August 2, 2024 2:58 PM

views 59

দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিবঃ ধর্মেন্দ্র প্রধান

লোকসভাই শিক্ষা মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি কয় যে, যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰ্যালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে ২০৪৭ চনৰ ভিতৰত ৩০ লাখ কোটি ডলাৰৰ অৰ্থ ব্যৱস্থাৰ লক্ষ্যত উপনীত হ’ব পাৰিব। সদনত শিক্ষা মন্ত্ৰ্যালয়ে দাবী মঞ্জুৰি সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰী প্ৰধানে এইদৰে প্ৰকাশ কৰে।

July 24, 2024 10:08 AM

views 52

নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সম্পৰ্কত শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ মন্তব্য

শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰতি আদৰণি জনাই কৈছে যে অৱশেষত সত্যৰ জয় হ'ল। নীট সন্দৰ্ভত সর্বোচ্চ ন্যায়ালয়ৰ ৰায় সম্পর্কে সাংবাদিকক সম্বোধন কৰি শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ স্বচ্ছ, বিসংগতিবিহীন আৰু ত্রুটিবিহীন পৰীক্ষা ব্যৱস্থাৰ প্ৰতি বদ্ধপৰিকৰ। তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এক ত্রুটিবিহীন সংস্থাৰূপে গঢ়ি তুলিবলৈ চৰকাৰ দায়বদ্ধ। নীট কেলেংকাৰিৰ সৈতে জড়িত কাকোৱে ৰেহাই দিয়া নহ'ব ব...