দেশৰ প্ৰতিটো শিশুৱে গুণগত শিক্ষাৰ সুবিধা লাভ কৰিলেহে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰতলৈ ৰূপান্তৰ কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব। নতুন দিল্লীত কালি তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ অংশীদাৰসকলৰ সৈতে এখন পৰামৰ্শ বৈঠকত অংশ লৈ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এনেদৰে প্ৰকাশ কৰে। দ্বাদশ শ্ৰেণীলৈকে ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ গুৰুত্বত আলোকপাত কৰি শ্ৰীপ্রধানে আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰা, শিক্ষণ পদ্ধতি উন্নীতকৰণ তথা শিক্ষকসকলৰ সামৰ্থ বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰূপায়ণ হোৱাৰ ৫ বছৰৰ পাছত দেশে ৰাষ্ট্ৰীয় বিকাশৰ লক্ষ্যৰ সৈতে সামঞ্জস্য ৰাখি শৈক্ষিক সংস্কাৰৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। বৈঠকত অংশ লৈ শিক্ষা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয়, যে তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ দৰে আঁচনিসমূহ তৃণমূল পৰ্যায়ৰ পৰা ফলপ্ৰসু ৰূপায়ণে এই আঁচনিসমূহক অধিক কাৰ্যকৰী কৰি তোলে। তেওঁ লগতে কয়, যে সমগ্র শিক্ষাই শৈক্ষিক সংস্কাৰৰ ঊৰ্ধত ছাত্ৰ-ছাত্ৰীসকলক কামৰ বাবে, ভৱিষ্যৎ জীৱন আৰু দ্ৰুত পৰিৱৰ্তিত অর্থনীতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলে। সমগ্ৰ শিক্ষা হৈছে বিদ্যালয় শিক্ষাৰ বাবে সংহত আৰু কেন্দ্ৰীয়ভাৱে প্রযোজিত আঁচনি যাৰ জৰিয়তে প্রাক প্রাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ কোনোধৰণৰ বিভাজন নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা হৈছে।
Assamese | January 10, 2026 12:28 PM | Dharmendra Pradhan
তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ অংশীদাৰসকলৰে শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পৰামৰ্শ বৈঠক