কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আৰু অহা ২১ জুনত পুনৰ হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা সকলো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
ইয়াৰ ভিতৰত পৰীক্ষণ সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ সঠিক সময়ত যোগান নিশ্চিত কৰাৰ দৰে বিষয়সমূহ সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
তেওঁ কয় যে চৰকাৰে সকলো ধৰণৰ আঁসোৱাহ ৰোধ কৰাৰ বাবে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে। শ্রীপ্রধানে কয় যে এই ক্ষেত্ৰত সম্ভাব্য প্ৰত্যাহ্বান ৰোধ কৰাৰ বাবে চোৰাংচোৱা সংস্থা আৰু কেন্দ্ৰীয় তদন্ত সংস্থাসহ সকলো চাইবাৰ সুৰক্ষা সম্পদৰ সহায় লোৱা হৈছে।