কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাৰ দানাপুৰ অঞ্চলৰ এগৰাকী মেধাৱী দৰিদ্ৰ কন্যা খুছবু কুমাৰীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন বাস্তৱায়িত কৰিবলৈ পিতৃ অপাৰগ হোৱা বিষয়টো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হোৱাত এই পদক্ষেপ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যা শিক্ষা প্ৰসাৰৰ বাবে অধিক যত্নপৰ। এনে ক্ষেত্ৰত তেওঁলোকক নিৰুৎসাহিত কৰা উচিত নহয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পাটনাৰ জিলা দণ্ডাধীশক ছাত্ৰীগৰাকীক আর্থিকভাৱে সহায় আগবঢ়াবলৈ সম্ভৱপৰ সকলো সহায়ৰ বাবে নির্দেশ দিয়ে।
Assamese | March 16, 2025 7:54 PM | Dharmendra Pradhan
পাটনাৰ দানাপুৰ অঞ্চলৰ মেধাৱী কন্যা খুছবু কুমাৰীক কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ আর্থিক সহায়