কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে তামিল ভাষা আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধপৰিকৰ। তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্টেলিনলৈ লিখা এখন পত্ৰত শ্ৰী প্ৰধানে শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থতে ৰাজনৈতিক ভাবাদর্শ উর্ধত থাকিবলৈ আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কোনো ভাষা জাপি দিয়াৰ পোষকতা নকৰে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি শাসনত নথকা ভালেমান ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ন কৰা হৈছে। শ্ৰী প্ৰধানে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ প্ৰাথমিক উদ্দেশ্যে হৈছে শিক্ষা খণ্ডক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে চামিল কৰোৱা।
Assamese | February 21, 2025 6:11 PM | Dharmendra Pradhan
শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্রীক আহ্বান শিক্ষামন্ত্রীৰ