June 12, 2026 4:56 PM

views 30

আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে

আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে। আমেৰিকাৰ কংগ্ৰেছ আৰু চিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা, ভাৰতৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বক প্রতিফলিত কৰিছে। ৱাৰ বাৰ্গ পিনকাষ্টৰ অধ্যক্ষ ছাৰ্লছ আৰ কেয়ে এখন পত্ৰত কয়, যে প্রধানমন্ত্ৰীৰ এই সাফল্যই দেশৰ জনসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসক প্রতিফলিত কৰে। অধ্যক্ষগৰাকী...

June 12, 2026 4:48 PM

views 32

‘‘দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে’’ – প্ৰধানমন্ত্ৰী মোদী

বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নির্মাণ, ক্রীড়া, বিজ্ঞান আৰু প্রশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে। বিগত ১২ বছৰত এন ডি এ চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ দিশত কাম কৰি আহিছে আৰু সেয়া বিভিন্ন খণ্ডত দেখা পোৱা গৈছে বুলি প্ৰধান...

June 10, 2026 3:55 PM

views 32

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্রধানমন্ত্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় ...

June 10, 2026 3:25 PM

views 35

একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ ২০১৪ চনৰ ২৬ মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল। শ্রীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে ১৯৫২ চনৰ ১৩ মে’ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু পর্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে ৪ হাজাৰ ৩৯৮ দিন প্...

June 10, 2026 3:12 PM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্রীসভাৰ প্ৰস্তাৱ গ্ৰহণ

কেন্দ্ৰীয় মন্ত্রীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্রীমোদীক থিয় হৈ সম্ভাষণ জনায়।

June 10, 2026 3:05 PM

views 31

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ প্ৰধানমন্ত্ৰী মোদীক অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হোৱাৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল ছাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্রযোগে কৈছে যে, এই মাইলৰ খুঁটি কেৱল শ্রীমোদীৰ কার্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা...

June 10, 2026 10:34 AM

views 35

একেৰাহে সৰ্বাধিক সময়ৰ বাবে ভাৰতত শাসনৰ দায়িত্বত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অর্জন

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ২০১৪ চনৰ ২৬ মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অর্জন কৰিছে। শ্রীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৫২ চনৰ ১৩ মে'ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু পর্যন্ত তেওঁ দ...

June 5, 2026 5:57 PM

views 30

উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্রকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ ১০০ সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত প্রধানমন্ত্ৰী মোদীৰ সন্তুষ্টি প্ৰকাশ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্রকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ ১০০ সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। পক্ষী জৈৱ বৈচিত্ৰ্যৰে চহকী এই আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰাৰ লগতে ই হৈছে বহু চৰাইৰ বাসভূমি। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰাকৃতিক পৰিবেশ তথা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতা স্পষ্টকৈ প্ৰতিফলিত হয়। বিগত বছৰসমূহত সমুদায় অংশগ্রহণ কার্যসূচী, বিজ্ঞ...

January 24, 2026 8:48 PM

views 119

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩০ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভ...

December 18, 2025 12:19 PM

views 81

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চা বিষয় লৈ আলোচনা কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫-৩০ গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হৈছে। এই কাৰ্যসূচীৰ বাবে নলবাৰীৰ গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দৃষ্টি গোস্বামীয়েও বাছনি লাভ কৰিছে। ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে। এই কাৰ্যসূচীৰ বাবে উত্তৰ গুৱাহাটী ছোৱালী হ...