একেৰাহে সৰ্বাধিক সময়ৰ বাবে ভাৰতত শাসনৰ দায়িত্বত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অর্জন

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে।

২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অর্জন কৰিছে।

শ্রীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্রধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৫২ চনৰ ১৩ মে’ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে’ত মৃত্যু পর্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল।

পণ্ডিত নেহৰুৱে একেৰাহে ৪ হাজাৰ ৩৯৮ দিন প্রধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে ৪ হাজাৰ ৩৯৯ দিনত ভৰি দিছে।

ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা, এন ডি এই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে।

বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা ২২ খন এন ডি এ চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব।

বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ’ব।