‘‘দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে’’ – প্ৰধানমন্ত্ৰী মোদী

বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নির্মাণ, ক্রীড়া, বিজ্ঞান আৰু প্রশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে।

বিগত ১২ বছৰত এন ডি এ চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ দিশত কাম কৰি আহিছে আৰু সেয়া বিভিন্ন খণ্ডত দেখা পোৱা গৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে চৰকাৰে আত্মসহায়ক গোটসমূহক সক্রিয়ভাৱে সমৰ্থন আগবঢ়াইছে, যাৰ ফলত মহিলাসকল আর্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় হৈছে।

চৰকাৰৰ এনে প্ৰচেষ্টা মর্যাদা, সুযোগ আৰু সৱলীকৰণৰ সৈতে শিপাই আছে বুলি মন্তব্য কৰি তেওঁ কয়, যে ইয়াৰ ফলত মহিলাসকলে তেওঁলোকৰ পূৰ্ণ সম্ভাৱনাক অনুধাৱন কৰিব পৰা এটা পৰিৱেশ সৃষ্টিৰ উপৰি ৰাষ্ট্ৰ নির্মাণত পূৰ্বতকৈ শক্তিশালীভাৱে অৰিহণা যোগোৱাত সহায়ক হৈছে।

ভাৰতৰ নাৰী শক্তিয়ে বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ দৰে খণ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাক লৈ প্রধানমন্ত্রী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে।