ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছেঃ প্ৰধানমন্ত্ৰী

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-জাপান যুটীয়া অর্থনৈতিক মঞ্চত ভাষণ দি শ্রী মোদীয়ে কয়, যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হ’লে সমগ্র বিশ্বই ইয়াৰ পৰা উপকৃত হয়।

তেওঁ কয়, যে দুয়ো পক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে অর্থনৈতিক সুৰক্ষা, কৃত্রিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা আৰু স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত ভাৰত আৰু জাপানে কেইবাখনো চুক্তিত উপনীত হয়। এই বুজাবুজিৰ চুক্তিয়ে উভয় ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব, ভৱিষ্যতৰ বাবে অনুকূল আৰু সুদূৰ প্ৰসাৰী কৰি তুলিব। শ্রী মোদীয়ে কয়, যে বিশ্বৰ অৰ্থনীতিয়ে বৰ্তমান যোগান শৃংখলাৰ অৱনতি, ব্যৱসায়িক অনিশ্চয়তা আৰু গোলকীয় চাহিদা হ্ৰাসৰ দৰে সমস্যাৰ সৈতে যুঁজ দিবলগা হৈছে।

তেওঁ কয়, যে ভাৰত সম্প্রতি বিশ্বৰ সবাটোকৈ বেগেৰে বৃদ্ধি হোৱা মুখ্য অৰ্থব্যৱস্থাত পৰিণত হৈছে আৰু বিগত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৭.৭ শতাংশ হৈছে। প্রধানমন্ত্রীয়ে কয়, যে বিগত ১২ বছৰত ভাৰতে কাইজেন আদর্শ মানি চলাৰ ফলত চৰকাৰে নিৰন্তৰ উন্নতিৰ জৰিয়তে আৰ্থিক ৰূপান্তৰ ঘটাবলৈ সক্ষম হৈছে।

তেওঁ কয়, যে কেইমাহ মান পূৰ্বে ভাৰত চৰকাৰে কৰ ব্যৱস্থাৰ সংশোধন, সুপ্ৰশাসন আৰু ব্যৱসায়িক সুগমতাৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰ সাধন কিৰিছিল। ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বাবে বিভিন্ন ক্ষেত্ৰ মুকলি হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ খণ্ডয়ো উদগনি লাভ কৰে বুলি প্ৰধানমন্ত্ৰী উল্লেখ কৰে।

তেওঁ কয়, যে এই কাৰণতে যোৱা চাৰিবছৰৰ পৰা জাপান বেংক ফৰ ইণ্টাৰনেচনেল কৰ্পোৰেচনে জাপানী ব্যৱসায়ৰ বাবে ভাৰত সবাটোকৈ আশাজনক স্থান হিচাপে পৰিগণিত হৈ আহিছে বুলি প্ৰকাশ কৰিছে। জাপানৰ প্রধানমন্ত্রী ছানায় টাকাইছিয়ে সহযোগিতাৰ বিভিন্ন খণ্ডৰ ভিতৰত শক্তি সুৰক্ষা সবাটোকৈ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ অন্যতম বুলি মত প্রকাশ কৰে।

তেওঁ শেহতীয়াকৈ অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলনত শক্তি সুৰক্ষা আধিক শক্তিশালী কৰাৰ বাবে তিনিটা প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমতী টাকাইছিয়ে পাৱাৰ এছিয়া পদক্ষেপৰ জৰিয়তে তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কাম অব্যাহত আছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ খৰখোদাত মাৰুটি ছুজুকিৰ চতুৰ্থটো বাহন নির্মাণ কেন্দ্র উদ্বোধন
কৰে।