July 13, 2026 8:31 PM

views 2

ভাৰত আৰু জাপানে মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰিছে

ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। টকিঅ’ত অনুষ্ঠিত অষ্টম প্ৰতিৰক্ষা নীতি আলোচনাত উভয় ৰাষ্ট্ৰই সাম্প্ৰতিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিবেশ আৰু পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিভিন্ন বিষয় সম্পর্কে ব্যাপকভাৱে আলোচনা কৰে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে জাপানী প্রতিনিধি দলটোক নেতৃত্ব দিয়ে আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কান'কোজিয়ে।...

July 3, 2026 11:00 AM

views 12

ভাৰত আৰু জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ

ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেঁটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অর্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত-জাপান যুটীয়া ঘোষণা পত্ৰত অর্থনৈতিক সুৰক্ষা সহযোগিতা, পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ সমৃদ্ধি সুৰক্ষা আৰু অর্থনৈতিক ভৱিষ্যৎ পৰস্পৰৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ আছে বুলি ঘোষণা পত্ৰত প্ৰকাশ কৰা হৈছে। উন্নীত মুক্ত তথা স্বতন্...

July 2, 2026 8:27 PM

views 11

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছেঃ প্ৰধানমন্ত্ৰী

ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অর্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত-জাপান যুটীয়া অর্থনৈতিক মঞ্চত ভাষণ দি শ্রী মোদীয়ে কয়, যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হ'লে সমগ্র বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয়, যে দুয়ো পক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে অর্থনৈতিক সু...

July 2, 2026 5:14 PM

views 4

প্রধানমন্ত্ৰী মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালিজাৰি চোৱাৰ লগতে সম্পর্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব। আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই কাৰ্যসূ...

August 29, 2025 2:20 PM

views 48

জাপানক প্ৰযুক্তিৰ আৰু ভাৰত প্ৰতিভাৰ পাৱাৰহাউছঃ প্রধানমন্ত্ৰী মোদী

■■■ জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সন্মিলিত প্রচেষ্টাই এই শতিকাৰ প্ৰযুক্তি বিপ্লৱক নেতৃত্ব দিব পাৰে। টকিঅ'ত অনুষ্ঠিত ভাৰত-জাপান অর্থনৈতিক মঞ্চ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জাপানক প্ৰযুক্তিৰ আৰু ভাৰতক প্ৰতিভাৰ পাৱাৰহাউছ বুলি অভিহিত কৰে। ভাৰতে কৃত্রিম বুদ্ধিমত্তা, অর্ধপৰিবাহী, কোৱান্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি আৰু মহাকাশ খণ্ডত শক্তিশালী আৰু অভিলাষী পদক্ষেপ লৈছে। তেওঁ লগতে কয় যে ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড...

May 5, 2025 8:47 PM

views 48

কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগা, সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিক সাক্ষাৎ কৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগাক তেওঁৰ সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰে। ড° জয়শংকৰে সামাজিক মাধ্যমযোগে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতক সমর্থন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু জাপানৰ মাজৰ স্বাভাৱিক সম্পৰ্ক গঢ়ি তোলাত শ্ৰীনুকাগাৰ নেতৃত্বৰ শলাগ লয়। দুযোগৰাকী নেতাই প্ৰতিভাৰ বিনিময় বৃদ্ধি, ব্যৱসায়িক সংযোগ বৃদ্ধি আৰু প্ৰযুক্তি অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে কাৰ...

May 3, 2025 12:02 PM

views 54

জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষসহ ৫ গৰাকী সাংসদৰ ৩ দিনীয়া অসম ভ্রমণসূচী

■ জাপান চৰকাৰৰ সংসদ ভৱনৰ অধ্যক্ষ তথা লিবাৰেল ডেমক্রেটিক পাৰ্টীৰ সাংসদ ফুকুছিৰো নুৰাগা আৰু ৫ গৰাকী সাংসদৰ সৈতে ৩ দিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। আজি সন্ধিয়া জাপানৰ দলটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব। কাইলৈ পুৱাই প্ৰতিনিধি দলটো উত্তৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত উপস্থিত হ'ব।

April 25, 2024 5:43 PM

views 56

টকিঅ’ত ভাৰত-জাপানৰ নিৰস্ত্ৰীকৰণ, পাৰমানবিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ আৰু ৰপ্তানি নিয়ন্ত্ৰণ সন্দৰ্ভত দশমলানি আলোচনা

টকিঅ’ত কালি দশম ভাৰত-জাপানৰ নিৰস্ত্ৰীকৰণ, পাৰমানবিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ আলোচনা অনুষ্ঠিত হয়। পাৰমাণৱিক, ৰাসায়নিক আৰু জৈৱিক, বহিঃ মহাকাশ সুৰক্ষা, গতানুগতিক অস্ত্ৰ-শস্ত্ৰ আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ সৈতে জড়িত বিষয় আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতীয় প্ৰতিনিধি দলটোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰস্ত্ৰীকৰণ আৰু আন্তর্জাতিক নিৰাপত্তা পৰিক্ৰমাৰ যুটীয়া সচিব মুআনপুই ছৈয়াৱীয়ে নেতৃত্ব দিয়ে। আনহাতে, জাপানৰ প্ৰতিনিধি দলটোক বিদেশ মন্ত্ৰ্যালয়ৰ নিৰস্ত্ৰকৰণ, পাৰমানবিক অস্ত্ৰৰ...