ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। টকিঅ’ত অনুষ্ঠিত অষ্টম প্ৰতিৰক্ষা নীতি আলোচনাত উভয় ৰাষ্ট্ৰই সাম্প্ৰতিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিবেশ আৰু পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিভিন্ন বিষয় সম্পর্কে ব্যাপকভাৱে আলোচনা কৰে।
প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে জাপানী প্রতিনিধি দলটোক নেতৃত্ব দিয়ে আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কান’কোজিয়ে।
এই আলোচনাৰ সময়ছোৱাত দুয়োটা পক্ষই শেহতীয়া প্ৰতিৰক্ষা নীতি আলোচনাৰ পাছত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উল্লেখযোগ্য অগ্রগতিসমূহৰ বিষয়ে পর্যালোচনা কৰে। উভয় পক্ষই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, প্রযুক্তিগত উদ্ভাৱন, চাইবাৰ সুৰক্ষা, মহাকাশ আৰু আন আন কৌশলগত গুৰুত্বপূৰ্ণ সহযোগিতামূলক ক্ষেত্ৰসমূহত সহযোগিতা অধিক গভীৰ কৰি তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰে।
এই আলোচনাকালত সামৰিক বিনিময়, যুটীয়া মুখ্য কাৰ্যালয়সমূহৰ মাজত সহযোগিতা, সামুদ্রিক সহযোগিতা, প্ৰতিৰক্ষামূলক অনুশীলন, দক্ষতা বৃদ্ধি, প্ৰতিৰক্ষা সা-সঁজুলি আৰু প্ৰযুক্তিগত সহযোগিতা আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তিসমূহৰ সামগ্ৰিকভাৱে পৰ্যালোচনা কৰা হয়। প্ৰতিৰক্ষা সচিবগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত জাপানে সহযোগিতা অব্যাহত ৰখাৰ বাবে প্ৰশংসা কৰে।
তেওঁ ভাৰত-জাপান বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আন্তঃগাথনিৰ অধীনত ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰি তোলাৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। ইয়াৰ পূৰ্বে আজি প্ৰতিৰক্ষা সচিবগৰাকীয়ে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী চিনজিৰো কৈজুমীক সাক্ষাৎ কৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।