July 13, 2026 8:31 PM

views 23

ভাৰত আৰু জাপানে মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰিছে

ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। টকিঅ’ত অনুষ্ঠিত অষ্টম প্ৰতিৰক্ষা নীতি আলোচনাত উভয় ৰাষ্ট্ৰই সাম্প্ৰতিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিবেশ আৰু পাৰস্পৰিক গুৰুত্ব সম্পন্ন বিভিন্ন বিষয় সম্পর্কে ব্যাপকভাৱে আলোচনা কৰে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে জাপানী প্রতিনিধি দলটোক নেতৃত্ব দিয়ে আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কান'কোজিয়ে।...

October 20, 2025 5:54 PM

views 80

জাপান ইন’ভেচন পার্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেম’ক্রেটিক পার্টীৰ প্ৰতি সমর্থনেৰে মিত্রজোঁটৰ চৰকাৰত অংশগ্ৰহণৰ সিদ্ধান্ত

ইছিন হিচাপে পৰিচিত জাপান ইন'ভেচন পার্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেম'ক্রেটিক পার্টীৰ প্ৰতি সমর্থনেৰে মিত্রজোঁটৰ চৰকাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। সন্মিলিত চৰকাৰখনৰ প্ৰতি সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত ব্যক্তি কৰি জাপান ইন'ভেচন পার্টীয়ে কয়, যে দলটো এল ডি পিৰ সৈতে মিত্ৰতাৰ বাবে প্রস্তুত হৈ উঠিছে। দলটোৰ এই সিদ্ধান্তৰ ফলত ছানায়ে টাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ পথ প্রশস্ত হৈ পৰিল। দেশখনৰ সাংসদসকলে কাইলৈ এগৰাকী নতুন প্রধানমন্ত্রী নির্বাচিত কৰাৰ কথা। উল্লেখযোগ্য যে ইয়া...

August 28, 2025 9:31 PM

views 65

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ সংঘটিত হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি কাগোছিমা আৰু মিয়াজাকিৰ মাজেৰে স্থানীয় সময়মতে পুৱা ৪ বাজি ৫৩ মিনিটত এই আগ্নেয়গিৰিৰ উদ্গীৰণ হয়। সংস্থাটোৱে লেভেল 3 ৰ এলাৰ্টেৰে স্থানীয় লোকক কাগোছিমা আৰু মিয়াজাকিৰ ওচৰে পাজৰে নাযাবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য,যে ২০১৮ চনৰ জুন মাহৰ পাছত উদ্গীৰণ ঘটা জাপানৰ ৫০টা সক্রিয় আগ্নেয়গিৰিৰ ভিতৰত মাউন্ট শ্বিনমোই অন্যতম।

May 5, 2025 8:47 PM

views 58

কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগা, সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিক সাক্ষাৎ কৰে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত জাপানৰ প্ৰতিনিধি সংসদৰ অধ্যক্ষ ফুকুচিৰো নুকাগাক তেওঁৰ সংসদীয় সতীৰ্থ আৰু ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰে। ড° জয়শংকৰে সামাজিক মাধ্যমযোগে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতক সমর্থন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু জাপানৰ মাজৰ স্বাভাৱিক সম্পৰ্ক গঢ়ি তোলাত শ্ৰীনুকাগাৰ নেতৃত্বৰ শলাগ লয়। দুযোগৰাকী নেতাই প্ৰতিভাৰ বিনিময় বৃদ্ধি, ব্যৱসায়িক সংযোগ বৃদ্ধি আৰু প্ৰযুক্তি অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে কাৰ...

January 24, 2025 6:56 PM

views 38

জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনা তথা কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ জাপান ভ্ৰমণৰ তৃতীয় দিনা দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনাকে ধৰি কেইবাগৰাকীও শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ কৰে। ড০ শৰ্মাই সংসদীয় উপমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত ভাৰত তথা অসমৰ যুৱ আৰু দক্ষ কৰ্ম শক্তিক জাপানত কাম কৰাৰ সুযোগ প্রদান সন্দৰ্ভত মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দেশখনৰ এটা আগশাৰীৰ বিত্তিয় প্রতিষ্ঠান, মিঝুহু ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসম...

January 22, 2025 6:27 PM

views 66

জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্রী কোগা য়ুইচিবোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবীছ প্রশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰো...