ইছিন হিচাপে পৰিচিত জাপান ইন’ভেচন পার্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেম’ক্রেটিক পার্টীৰ প্ৰতি সমর্থনেৰে মিত্রজোঁটৰ চৰকাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। সন্মিলিত চৰকাৰখনৰ প্ৰতি সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত ব্যক্তি কৰি জাপান ইন’ভেচন পার্টীয়ে কয়, যে দলটো এল ডি পিৰ সৈতে মিত্ৰতাৰ বাবে প্রস্তুত হৈ উঠিছে। দলটোৰ এই সিদ্ধান্তৰ ফলত ছানায়ে টাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ পথ প্রশস্ত হৈ পৰিল। দেশখনৰ সাংসদসকলে কাইলৈ এগৰাকী নতুন প্রধানমন্ত্রী নির্বাচিত কৰাৰ কথা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চলিত মাহতেই টাকাইচি এল ডি পিৰ নতুন নেত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মধ্যমপন্থী কমিট’পার্টীয়ে দলটোৰ সৈতে ২৬ বছৰীয়া মিত্ৰতাৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।
Assamese | October 20, 2025 5:54 PM | Japan
জাপান ইন’ভেচন পার্টীয়ে শাসনাধিষ্ঠিত লিবাৰেল ডেম’ক্রেটিক পার্টীৰ প্ৰতি সমর্থনেৰে মিত্রজোঁটৰ চৰকাৰত অংশগ্ৰহণৰ সিদ্ধান্ত