মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ জাপান ভ্ৰমণৰ তৃতীয় দিনা দেশখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনাকে ধৰি কেইবাগৰাকীও শীৰ্ষ উদ্যোগপতিক সাক্ষাৎ কৰে। ড০ শৰ্মাই সংসদীয় উপমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকালত ভাৰত তথা অসমৰ যুৱ আৰু দক্ষ কৰ্ম শক্তিক জাপানত কাম কৰাৰ সুযোগ প্রদান সন্দৰ্ভত মত বিনিময় কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দেশখনৰ এটা আগশাৰীৰ বিত্তিয় প্রতিষ্ঠান, মিঝুহু ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ কোম্পানীসমূহলৈ ক্রেডিট সুবিধা প্ৰদান আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। ড০ শৰ্মাই জাপানী বৈদ্যুতিক অভিযান্ত্রিক প্রতিষ্ঠান য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতেও বৈঠকত মিলিত হয়। নুমলীগড় শোধনাগাৰ আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ সৈতে সহযোগিতামূলকভাৱে অসমত কাম কৰি থকা এই প্রতিষ্ঠানটোক ৰাজ্যৰ ক্ৰমবৰ্ধমান বৈদ্যুতিক আৰু শক্তিখণ্ডক সমৰ্থন আগবঢ়াবলৈ মুখ্যমন্ত্রী শৰ্মাই অনুৰোধ জনায়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মুখ্যমন্ত্ৰীয়ে টকিঅ’ ইলেকট্রন নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী উপাধ্যক্ষক সাক্ষাৎ কৰে।
Assamese | January 24, 2025 6:56 PM | CM Himanta Biswa Sarma | Japan
জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপমন্ত্রী আকিকু ইকুইনা তথা কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ