July 3, 2026 11:00 AM | India-Japan

printer

ভাৰত আৰু জাপানে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ

ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাৰ অন্যতম ভেঁটি হিচাপে অৰ্থনৈতিক সুৰক্ষাৰ গুৰুত্বৰ প্ৰতি দুয়োখন দেশে নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰিছে। অর্থনৈতিক সুৰক্ষা সহযোগিতা সম্পৰ্কীয় ভাৰত-জাপান যুটীয়া ঘোষণা পত্ৰত অর্থনৈতিক সুৰক্ষা সহযোগিতা, পাৰস্পৰিক বিশ্বাস, উমৈহতীয়া প্ৰমূল্য আৰু পাৰস্পৰিক স্বাৰ্থৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰা হৈছে। দুয়োখন দেশৰ সমৃদ্ধি সুৰক্ষা আৰু অর্থনৈতিক ভৱিষ্যৎ পৰস্পৰৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ আছে বুলি ঘোষণা পত্ৰত প্ৰকাশ কৰা হৈছে। উন্নীত মুক্ত তথা স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰ এলেকা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সর্বাত্মক অগ্রগতি বিষয়ক মহাসাগৰ উদ্যমে দুয়ো পক্ষক অৰ্থনৈতিক সুৰক্ষা সহযোগিতা সুদৃঢ় কৰাৰ বাবে উৎসাহিত কৰে বুলি ঘোষণা পত্ৰত উল্লেখ কৰা হৈছে। দুয়ো পক্ষই ছেমি কণ্ডাক্টৰ, গুৰুত্ব খনিজ পদার্থ, তথ্য আৰু যোগাযোগ প্রযুক্তি, নিকা শক্তি আৰু ভেষজ খণ্ডত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।