প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে নতুন দিল্লীত বার্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব।
এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালিজাৰি চোৱাৰ লগতে সম্পর্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব।
আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। এই কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকে।
উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। এয়া প্রধানমন্ত্রী টাকাইচিৰ ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ভ্রমণে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাত সহায় কৰিব।
উল্লেখযোগ্য যে ২০২৪ চনৰ নৱেম্বৰত টকিঅ’ অনুষ্ঠিত প্রথম অর্থনৈতিক সুৰক্ষা বিষয়ক আলোচনাত দুয়ো দেশে কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত পাঁচটা অগ্ৰাধিকাৰৰ ক্ষেত্ৰ চিনাক্ত কৰিছিল।
এই ক্ষেত্ৰসমূহ আছিল ছেমি কণ্ডাক্টৰ, অত্যাৱশ্যকীয় খনিজ পদার্থ, ভেষজ, স্বচ্ছ ইন্ধন, তথ্য আৰু যোগাযোগ প্রযুক্তি। শেহতীয়া প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত জি-ছেভেন শীৰ্ষ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল।