উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্রকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ ১০০ সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত প্রধানমন্ত্ৰী মোদীৰ সন্তুষ্টি প্ৰকাশ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্রকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ ১০০ সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে।

পক্ষী জৈৱ বৈচিত্ৰ্যৰে চহকী এই আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰাৰ লগতে ই হৈছে বহু চৰাইৰ বাসভূমি।

সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰাকৃতিক পৰিবেশ তথা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতা স্পষ্টকৈ প্ৰতিফলিত হয়।

বিগত বছৰসমূহত সমুদায় অংশগ্রহণ কার্যসূচী, বিজ্ঞান, উদ্ভাৱন আৰু সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে।

তেওঁ কয় যে এনে প্ৰচেষ্টাই জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত সহায় কৰাৰ লগতে পৰিবেশৰ ভাৰসাম্য বজাই ৰখা আৰু অনাগত প্ৰজন্মৰ বাবে সেউজ ভৱিষ্যৎ গঢ়ি তোলাত অৰিহণা যোগাইছে।