বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ প্ৰধানমন্ত্ৰী মোদীক অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হোৱাৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল ছাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্রযোগে কৈছে যে, এই মাইলৰ খুঁটি কেৱল শ্রীমোদীৰ কার্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰো প্ৰমাণ।

ভাৰতৰ উল্লেখযোগ্য অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে শ্রীমোদীৰ দৃষ্টিভংগীয়ে শ্রীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে।

পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই এটা ব্যক্তিগত ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয়, যে ২০ কোটিতকৈ অধিক লোকক সাম্প্রতিক সময়ত দাৰিদ্ৰৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ চকুত লগা কৃতিত্ব।

ইপিনে ত্রিনিদাড আৰু ট’বেগ’ৰ প্ৰধানমন্ত্রী কমলা পার্শ্বাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয়, যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে।

প্রধানমন্ত্ৰীৰূপে তিনিটা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অর্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অর্জন কৰাৰ বিষয়ে তেওঁ উল্লেখ কৰে।