প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল। শ্রীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে।
পণ্ডিত নেহৰুৱে ১৯৫২ চনৰ ১৩ মে’ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে’ত মৃত্যু পর্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে ৪ হাজাৰ ৩৯৮ দিন প্রধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে ৪ হাজাৰ ৩৯৯ দিনত ভৰি দিছে।
অমিত শ্বাহ, ড° এছ জয়শংকৰ, পিযুষ গোৱেল, নির্মলা সীতাৰমন আৰু শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সৱাতোকৈ বেচি সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয়, যে বিগত ১২ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৌৰৱ ঘুৰাই আনিছে, সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছে আৰু দাসত্বৰ মানসিকতাৰ পৰা মুক্ত কৰিছে।
তেওঁ কয় যে এই সময়ছোৱাত সংসদৰ নতুন ভৱন নিৰ্মাণ কৰা হৈছে, ৩ খন নতুন আইন ৰূপায়ণ কৰা হৈছে, নতুন শিক্ষানীতিয়ে মাতৃভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শাখাৰ শিক্ষাৰ পথ প্রশস্ত কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্পত পৰিণত হৈছে।
শ্ৰীশ্বাহে কয়, যে মোদীৰ কাৰ্যকালত দেশৰ সীমান্তসমূহ সুৰক্ষিত হৈছে, কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, নক্সালবাদ উৎখাত কৰা হৈছে আৰু প্ৰতিটো সন্ত্ৰাসবাদৰ ঘটনাৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হৈছে।
ড০ জয়শংকৰে কয় যে এই সাফল্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব, দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি জনসাধাৰণৰ অটুত বিশ্বাসক প্রতিফলিত কৰিছে৷
একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে কয়, যে যোৱা ১২ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা পৰিৱৰ্তনে দেশৰ বিকাশক নতুন গতি দিছে। তেওঁ কয় যে কৃষকৰ পৰা উদ্যমীলৈ, মহিলাৰ পৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ আৰু যুৱ প্ৰজন্মৰ পৰা মধ্যম শ্ৰেণীলৈ মোদী চৰকাৰৰ প্ৰতিটো বৃহৎ উদ্যমৰ সুফল তৃণমূল পৰ্যায়ৰ লোকেও লাভ কৰাত দেশৰ লাখ লাখ লোক সৱল হৈ উঠিছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে তেঁওৰ বাৰ্তাত কয় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এ ডি এ চৰকাৰে সাহসী সংস্কাৰ সাধন কৰিছে আৰু অভূতপূৰ্ব পৰিসৰত ভালেমান উদ্যম ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভালেমান প্ৰত্যাহ্বানপূর্ণ ক্ষণত দেশক নির্ণায়ক আৰু শক্তিশালী নেতৃত্ব দিছে বুলি তেওঁ উল্লেখ কৰে।
কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ বাৰ্তাত কয় যে প্রধানমন্ত্রী মোদীৰ ৪,৩৯৯ দিনৰ এই যাত্ৰা শক্তিশালী, সৱল, সমৃদ্ধিশালী, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সোণালী অধ্যয়ৰূপে পৰিগণিত হৈছে।
মোদীৰ যুগক উন্নয়ন আৰু ঐতিহ্যৰ সংগম বুলি তেওঁ অভিহিত কৰে। কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, শক্তিমন্ত্রী মনোহৰ লাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জীতেন্দ্র সিং, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রধানমন্ত্রী মোদীক অভিনন্দন জনাইছে।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও একেৰাহে সৰ্বাধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক ওলগ জনাইছে।