July 29, 2026 2:45 PM

views 46

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসঃ ‘বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশ ভাৰতত আছে’- প্ৰধানমন্ত্ৰী মোদী

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে ২৯ জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে বন্যপ্রাণী প্রেমীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰী ৰাধাকৃষ্ণণে কয়, যে ভাৰতত বাঘৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। এই সফলতাৰ আঁৰত ব্যাঘ্ৰ সংৰক্ষণস্থলী উন্নীতকৰণ, বিজ্ঞানসন্মত নিৰীক্ষণ, চোৰাং চিকাৰ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে বন...

July 17, 2026 9:09 PM

views 31

চণ্ডীগড়ত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চণ্ডীগড়ত স্বাস্থ্য সেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনিৰ সৈতে জড়িত প্রায় ৪,৭০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। চণ্ডীগড়ত থকা পাঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমোদীয়ে ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক মাতৃ আৰু শিশুৰ যতন কেন্দ্ৰ আৰু ৪৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে চণ্ডীগড়ত প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগ...

July 17, 2026 6:08 PM

views 25

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীয়ে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পঞ্জাবৰ জলন্ধৰ ছাউনী ৰেল ষ্টেচনৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। বিকশিত ভাৰতৰ বাবে আধুনিক ৰে'ল উন্নত আন্তঃগাঁথনিৰ অধীনত এই ষ্টেচনসমূহক বিকশিত কৰি তোলা হৈছে। প্ৰতিটো ষ্টেচনকে একোটা ব্যস্ত চিটী চেণ্টাৰ হিচাপে গঢ়ি তোলাৰ লগতে পর্যটন, কর্ম সংস্থান আৰু স্থানীয় ব্যৱসায়-বাণিজ্যৰ বিকাশত সহায় কৰিব পৰাকৈ ষ্টেচনসমূহক গঢ় দিয়া হৈছে। যাত্রী অনুকুল বিশ্বমানৰ সা-সুবিধাৰে পূৰ্ণ অমৃত ষ্টেচনস...

July 17, 2026 12:16 PM

views 24

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীয়ে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰে'ল আৰু খাদ্য প্ৰ-সংস্কৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী ৰৱনীট সিং আৰু সাংসদ দিলীপ শ‍ইকীয়াই ভিডিঅ' কনফাৰেন...

July 11, 2026 8:11 PM

views 34

দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ৪টা দশকৰ বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্রমণে দ্বিপাক্ষিক সম্পর্ক গুৰুত্বপূৰ্ণ অগ্রগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্রী মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পর্যটন, প্ৰতিৰক্ষা, ক্রীড়া, দুৰ্যোগ ব্যৱস্থা, দুগ্ধ আৰু পশুপালন খণ্ডসহ অন্যান্য খণ্ড সামৰি ৫ খন বুজাবুজিৰ চুক্তিত উপনীত হয়। স্বদেশলৈ ৰাও...

July 11, 2026 8:00 PM

views 32

ভাৰতীয়মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভঃ প্রধানমন্ত্ৰী মোদী

ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অতিজৰে পৰা চলি অহা বন্ধুত্ব, সার্বজনীন মূল্যবোধ, উজ্বল ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে গঢ় লৈ উঠিছে। শ্রীমোদীয়ে লগতে কয়, যে নতুনত্বৰ লক্ষ্যৰে চলা নিউজিলেণ্ডৰ পৰম্পৰাৰ সৈতে দুয়োখন দেশৰ মাজত একেধৰণৰ সুযোগ-সুবিধা বিদ্যমান আৰু...

July 10, 2026 7:24 PM

views 25

মেলৱৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলৱৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বিষয়টোৰ প্ৰতি দেশখনৰ উভয় দলৰ সমৰ্থন নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ মাজৰ...

July 10, 2026 7:28 PM

views 24

প্রধানমন্ত্ৰী মোদীয়ে স্বার্থহীন কাম-কাজক মানৱতাৰ সবাতোকৈ বৃহৎ শক্তি বুলি অভিহিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বার্থহীন কাম-কাজক মানৱতাৰ সবাতোকৈ বৃহৎ শক্তি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ নিজৰ হেণ্ডলত সংস্কৃতৰ এটা হিতোপদেশৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে সেৱা আৰু নিষ্ঠাৰ এই মানসিকতাৰে উদ্বুদ্ধ হৈ ভাৰতবৰ্ষ প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ সংকল্পৰে আগবাঢ়ি গৈছে।

July 10, 2026 7:03 PM

views 27

প্রধানমন্ত্ৰী মোদীয়ে ৩ খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্ট’ফাৰ লাকছনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত দুয়োগৰাকী নেতাই বিশেষকৈ শেহতীয়া দুবছৰত বাণিজ্য আৰু প্ৰতিৰক্ষা খণ্ডত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই লাভ কৰা অগ্ৰগতিৰ সামগ্রিক বিষয়টো পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে এয়া হ’ব বিগত দুকুৰি বছৰৰ ভিতৰত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্রমণ। এই ...

July 7, 2026 8:11 PM

views 21

বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত এটা চৌহদ মুকলি কৰাৰ বাবে প্রধানমন্ত্ৰী  মোদীৰ অনুমোদন 

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষা খণ্ডত এটা নতুন যুগৰ সূচনা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। তেওঁ লগতে কয় যে ইণ্ডোনেছিয়াত এই চৌহদটো স্থাপনৰ ফলত ভাৰতীয় পৰম্পৰাগত জ্ঞান আৰু শিক্ষা ব্যৱস্থা বিশ্বমুখী হোৱাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।