October 22, 2026 12:06 PM
3
গ্রাম্য ক্রীড়াংগনৰ উন্নয়নেই প্ৰতিভাৱান খেলুৱৈৰ সৃষ্টিৰ আধাৰ বুলি কেশৱ মহন্তৰ প্ৰকাশ
গ্রাম্য ক্রীড়াংগনৰ উন্নয়নেই প্ৰতিভাৱান খেলুৱৈৰ সৃষ্টিৰ আধাৰ বুলি সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ আন্তঃগাথনি উন্নয়নৰ অৰ্থে ভোমোৰাগুৰি খেলপথাৰত ৩০ লাখ টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া বহুমুখী ক্রীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কালি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰাম্য ক্রীড়াংগনৰ উন্নয়নৰ যাত্ৰা অব্যাহত আছে। এইক্ষেত্ৰত খেল মহাৰণে বিশেষ ভূমিকা পালন কৰা বুলি মন্ত্ৰীগৰাকীয়ে ...