সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকর্মী, অঙ্গনবাড়ী কর্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধন কর্মীসকলক এককালীন সাহায্য প্রদানৰ কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে আজি কলিয়াবৰ আঞ্চলিক পঞ্চায়তত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তৃণমূল পর্যায়ত নিৰৱচ্ছিন্নভাবে সেৱা আগবঢ়াই অহা নিষ্ঠাবান আশাকর্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক সাহায্যৰ চেক আৰু প্রশংসা পত্র বিতৰণ কৰে।
ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ ধোৱাপথাৰ কেশৰীগুৰি আদর্শ অঙ্গনবাড়ী কেন্দ্রত অনুষ্ঠিত অঙ্গন মিলন সেৱা কাৰ্যসূচীত আজি ৰাজ্য চৰকাৰৰ মন্ত্রী বিমল বৰাই আর্থিক সাহায্যৰ চেক প্রদান কৰে। ডিব্ৰুগড় জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আয়োজিত এই কার্যসূচীত অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে পোষণ অভিযানৰ ওপৰত সজাগতা সৃষ্টিৰ বিষয়ে আলোচনা কৰা হয়।
ইপিনে নাহৰকটিয়া বিধানসভা সমষ্টিৰ নিগাম অঙ্গনবাড়ী কেন্দ্রত আয়োজিত অঙ্গন মিলন অনুষ্ঠানত বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। অনুষ্ঠানত বিধায়কগৰাকীয়ে অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলক এহেজাৰ টকাৰ আর্থিক সাহায্যৰ চেক আৰু প্রশংসা পত্র প্রদান কৰে।
অভিযানৰ অংশ হিচাপে নলবাৰী জিলাৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি চৰকাৰী বিদ্যালয়ৰ ৰন্ধন কর্মীসকলক সাহায্যৰ চেক বিতৰণ কৰা হয়। নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ৰন্ধন কর্মীসকলক এহেজাৰ টকাৰ চেক আৰু প্ৰশংসা পত্র আনুষ্ঠানিকভাবে প্রদান কৰে। অনুষ্ঠানটোত শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত মৌচুমী চেতিয়া আৰু পূৱ নলবাৰী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মতিউৰ ৰহমান উপস্থিত থাকে।
ইপিনে, মৰিগাওঁ জিলাৰ জাগীৰোড বিধানসভা সমষ্টিত সেবা সংকল্প অভিযানৰ অধীনত আশাকর্মী আৰু আশা চুপাৰভাইজাৰ সকলৰ মাজত এককালীন প্ৰেৰণাদায়ক সাহায্যৰ চেক আৰু প্ৰশংসাপত্র বিতৰণ কৰা হয়। অনুষ্ঠানটোত স্বাস্থ্য সেৱা সঞ্চালক তথা জিলা প্ৰকল্প বিষয়া আৰু ব্লক পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। জনসাধাৰণৰ মাজত স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত আশাকর্মী আৰু চুপাৰভাইজাৰসকলে আগবঢ়াই অহা নিষ্ঠা, দায়বদ্ধতা আৰু নিৰন্তৰ সেৱাৰ স্বীকৃতি হিচাপে এই সন্মান প্রদান কৰা হৈছে।