June 28, 2024 6:04 PM

views 63

মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম-অৰুণাচলৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূর্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ বাবে ক্ষীপ্ৰতাৰে তথ্যৰ আদান-প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন ৰাজ্যৰ বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

June 20, 2024 7:50 PM

views 53

পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

ৰাজ্যৰ নৱনিযুক্ত পৰিবহন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত পৰিবহন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ শাখাসমূহৰ আভ্যন্তৰীণ গাঁথনি, ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া তথা নিয়মীয়া কাম-কাজ আদিৰ বুজ লয় আৰু কৰ সংগ্ৰহৰ ক্ষেত্ৰত জনসাধাৰণ যাতে বিশেষ অসুবিধাত নপৰে, সেই বিষয়ে যথাসম্ভৱ নজৰ ৰাখিবল...