August 3, 2024 12:57 PM

views 66

বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি, জলবায়ু পৰিৱৰ্তন, পৰিবহণ, মীন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী যাদৱৰ সৈতে হোৱা বৈঠকত শ্ৰী মহন্তই অসমৰ বাবে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ নতুন আঁচনি গ্ৰহণৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মিছন লাইফ শীৰ্ষক কাৰ্যসূচী আৰু অধিক বহল পৰিসৰত ৰূপায়ণৰ বাবে আহ্বান জনায়। এ...

August 2, 2024 6:04 PM

views 57

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ পৰিবহন, তথ্যপ্রযুক্তি, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰী শ্ৰীমহন্তই শিলচৰত পৰিবহন বিভাগে ব্যৱহাৰ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ দ্বাৰা স্থাপিত নেশ্যনেল ইনষ্টিটিউট ফৰ অটোমেটিভ ইন্সপেকচন, মেইন্টেনেণ্টছ এণ্ড ট্ৰেইনিঙক পূৰ্ণ ৰূপত কাৰ্যক্ষম কৰি অটোমেটেড টেষ্টিং চেণ্টাৰলৈ উন্নীতকৰণৰ অনুৰোধ জনায়। তদুপৰি শিলচৰৰ ধূলছেড়াৰ নেশ্যনেল হিল এৰিয়া ড্রাইভিং ট্ৰেইনিং চেণ্টাৰটো...

August 2, 2024 12:32 PM

views 74

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অনুৰোধত ইতিবাচক সঁহাৰি জনাই ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা তথা গুৰুত্বপূৰ্ণ অঞ্চল অত্যাধুনিক চালক প্ৰশিক্ষণ প্ৰ...

August 1, 2024 8:08 PM

views 63

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগবাকীয়ে ৰাজ্যখনৰ পথ উন্নয়ন আৰু মেৰামতিব বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে। ইফালে, শ্রীমহন্তই কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জনপথ মন্ত্রী সর্বানন্দ সোণোৱালকো সাক্ষাৎ কৰি ৰাজ্যৰ জলপথ উন্নয়নৰ বিষয়ে আলোচনা কৰে। এই সাক্ষাৎ কালত মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ পৰিবহন সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত মেঘ নিধি দাহালো উপস্থিত আছিল।

July 16, 2024 12:39 PM

views 64

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ’বঃ মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰৰ হাতীমূৰাৰ ক’ফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। হাতীমূৰাৰ ভগ্ন মথাউৰিৰ স্থান পৰিদৰ্শন কৰি কালি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয় যে, হাতীমূৰাৰ ক'ফাৰ বান্ধব কাম ইতিমধ্যে ৫০ শতাংশ সম্পূৰ্ণ হৈছে যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী কম পৰিমাণে কলঙলৈ বৈ আছে। প্রকৃতিয়ে কোনো বাধা নিদিলে এসপ্তাহৰ ভিতৰত হাতীমূবাৰ ব্ৰহ্মপুত্ৰ সংলগ্ন ক'ফাৰ বান্ধব মুখ বন্ধ কৰিবলৈ জনসম্পদ বিভাগ সমৰ্থ হ'ব বুলিও তেওঁ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত...

July 11, 2024 12:12 PM

views 63

ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

● মীন মন্ত্ৰী কেশৱ মহন্তই কালি ৰহাৰ অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্য চৰকাৰৰ মীন বিভাগ তথা নাবাৰ্ডৰ সহযোগত মীন মহাবিদ্যালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় মীন পালক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যত মীন পালনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি কৃষকসকলৰ মাজত কেইবাবিধো মাছৰ পোনা বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে গ্রামীণ অর্থনীতিৰ বিকাশত মীন খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যক মীন পাল...

June 28, 2024 6:45 PM

views 76

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ আলোচনা

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত আজি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে এখন আলোচনা অনুষ্ঠিত হয়। এই বৈঠকত এয়াৰ ইণ্ডিয়া এক্সপ্রেছে গুৱাহাটীৰ পৰা অতি শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তদুপৰি গুৱাহাটী-ছিংগাপুৰ আৰু গুৱাহাটী-বেংকক সংযোগী বিমান সেৱা মুকলিৰ বাবেও বৈঠকত বিমান পৰিবহন সংস্থাটোৱে আগ্রহ দেখুওৱা বুলি পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই প্ৰকাশ কৰে।

June 28, 2024 6:04 PM

views 61

মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম-অৰুণাচলৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূর্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ বাবে ক্ষীপ্ৰতাৰে তথ্যৰ আদান-প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকত দুয়োখন ৰাজ্যৰ বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

June 20, 2024 7:50 PM

views 47

পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

ৰাজ্যৰ নৱনিযুক্ত পৰিবহন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিভাগটোৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত পৰিবহন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা পৰিবহন মন্ত্ৰী শ্ৰীমহন্তই বিভাগীয় কাম-কাজৰ সবিশেষ বুজ লোৱাৰ লগতে গুৰুত্বপূৰ্ণ বিভাগীয় আঁচনিসমূহৰ বিতং খতিয়ান লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰিবহন বিভাগৰ শাখাসমূহৰ আভ্যন্তৰীণ গাঁথনি, ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া তথা নিয়মীয়া কাম-কাজ আদিৰ বুজ লয় আৰু কৰ সংগ্ৰহৰ ক্ষেত্ৰত জনসাধাৰণ যাতে বিশেষ অসুবিধাত নপৰে, সেই বিষয়ে যথাসম্ভৱ নজৰ ৰাখিবল...