December 18, 2024 1:18 PM

views 73

দক্ষিণ শালমাৰাৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি আজি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শ্ৰী মহন্তই বাংলাদেশ সীমান্তৰ দ্বিতীয় শাৰীত সুৰক্ষাত নিয়োজিত অসম আৰক্ষীৰ সীমান্ত চকী নিৰ্মাণৰ বাবে জন প্রতিনিধি আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি স্থান বাছনি কৰে। শ্ৰী মহন্তই পাৰঘাট এলেকাৰ সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যৰত জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকী...

December 18, 2024 10:22 AM

views 66

২ দিনীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন আঁচনি, উন্নয়নমূলক প্রকল্পৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত উপস্থিত হৈ বিভিন্ন চৰকাৰী আঁচনি, উন্নয়নমূলক প্রকল্প আদিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কার্যালয়ত কালি প্রশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আজি জিলাখনত হ'বলগীয়া ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনত চলি থকা সকলো উন্নয়নমূলক কাম ক্ষিপ্ৰতাৰে কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।

December 15, 2024 6:56 PM

views 52

নগাঁও জিলাৰ উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে মন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা জ্ঞাপন

নগাঁও জিলাৰ ৰাইদঙিয়াৰ সমীপৱৰ্ত্তী আইভেটি কৰচোং উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। হাতীচোং মৌজাৰ এই অগ্ৰণী শিক্ষানুষ্ঠানখন ১৯৭৪ চনত স্থাপন কৰা হৈছিল। এই সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে উদয় চন্দ্ৰ শ‍ইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে সুদীৰ্ঘ ৫০ বছৰ শৈক্ষিক জাগৰণৰ সৃষ্টি সমাজলৈ বিশেষ অৰিহনা আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে শিক্ষানুষ্ঠানখনে বহু সুদক্ষ মানৱ সম্পদ সৃষ্টি কৰি...

December 14, 2024 3:41 PM

views 61

গুৱাহাটীত পঞ্চদশ ডিজিটেল ৰূপান্তৰকৰণ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

গুৱাহাটীত অনুষ্ঠিত পঞ্চদশ ডিজিটেল ৰূপান্তৰকৰণ সন্মিলনত কালি উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ তথ্য প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ তথ্য প্রযুক্তি বিভাগৰ সহযোগত দেশৰ তথ্য প্রযুক্তি খণ্ডৰ আগশাৰিৰ এটা প্ৰতিষ্ঠানে আৰম্ভ কৰা দিজিটেল ৰূপান্তৰকৰণ সন্মিলন খনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে দিজিটেল ব্যৱস্থাৰ ক্ষীপ্ৰ তথা ব্যাপক প্ৰসাৰণে অর্থনৈতিক খণ্ডত প্ৰভাৱ পেলায়। বিশ্বজুৰি বহনক্ষম তথা সৰ্বাংগীন উন্নয়নৰ দিশটো তথ্য প্রযুক্তি আধাৰিত দিজিটেল ব্যৱস্থাৰ ব্যাপক সম্প্ৰসাৰণৰ ওপৰতে এতিয়া ...

November 28, 2024 7:44 PM

views 78

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই আজি অঞ্চলটো ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ কাজলগাঁৱত থকা জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰি মেলেৰিয়া প্ৰতিৰোধৰ জৰুৰী ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বি টি আৰৰ মুৰব্বীৰ উপদেষ্টা উত্তম নাৰ্জাৰীৰ উপ...

November 28, 2024 6:35 PM

views 72

চিৰাং জিলা ভ্ৰমণ কৰি ভূটান সীমাৱৰ্তী অঞ্চলত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতি বুজ মন্ত্ৰী কেশৱ মহন্তৰ

জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই আজি চিৰাং জিলা ভ্ৰমণ কৰি জিলাখনৰ ভূটান সীমাৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত স্বাস্থ্য-পৰিস্থিতিৰ বুজ লয়। গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ.লক্ষ্মনন আৰু কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা সদৰ কাজলগাঁওস্থিত জে এছ বি জিলা অসামৰিক চিকিৎসালয়ত চিৰাঙৰ জিলা আয়ুক্তসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে ...

November 20, 2024 5:29 PM

views 83

ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটী ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গুৱাহাটী প্রৱেশ পথ ঘাট অর্থাৎ গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে ঘাটটো শীঘ্ৰেই নিৰ্মাণ কৰি জনসাধাৰণৰ সুবিধাৰ বাবে এই ঘাটেৰে নদী পৰিবহন ব্যৱস্থা মুকলি কৰিবলৈ আভ্যন্তৰীণ জল পৰিবহন উন্নয়ন সমিতিক দিহা-পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই সম্পর্কত কয় যে নির্মীয়মান গুৱাহাটীৰ প্ৰবেশ পথ ঘাটেৰে ভ্ৰমণ কৰা যাত্ৰীসকলে পূৰ্বৰ তুলনাত সূচলভাৱে যাতায়ত কৰিবলৈ...

October 28, 2024 8:07 PM

views 63

গুৱাহাটীৰ ৰূপনগৰৰ মীন সমবায় সমিতিৰ সমূহীয়া কেন্দ্ৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

মীন মন্ত্ৰী কেশৱ মহন্তই আজি অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত গুৱাহাটী ৰূপনগৰত থকা ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা মীন সমবায় সমিতিসমূহৰ সমূহীয়া কেন্দ্ৰটো উদ্বোধন কৰে। এই সমূহীয়া সেৱা কেন্দ্ৰটোত মীন সমবায়সমূহৰ সদস্য, মীন বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু মীন পালনকসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ কর্মশালা আদি অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে ফিছফেডৰ সদৰ কাৰ্যালয়ৰ সমীপত থকা পুখুৰীত মীন বিভাগে উৎপাদন কৰা মাগুৰ মাছৰ পোনা মুকলি কৰে। এই অনুষ্ঠানত ফিছফেডৰ...

October 24, 2024 1:13 PM

views 53

নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কেশৱ মহন্তৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে নতুনকৈ বালিচৰ পৰাৰ বাবে নিয়মীয়া ফেৰী সেৱা বন্ধ হৈ পৰাত কমলাবাৰী নিমাতীঘাট সংযোগী জলপথৰ শেহতীয়া অৱস্থাৰ বুজ ল'বলৈ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী শ্ৰী মহন্তই কমলাবাৰী ঘাটৰ পৰা ফেৰী চলাচল পুনৰ আৰম্ভ কৰিবলৈ জল পৰিবহণ বিভাগে নদীৰ মাজৰ বালিচৰত খনন কাৰ্য আৰম্ভ কৰিব বুলি ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়ক ভূৱন গাম আৰু জিলা আয়ুক্তৰ উপস্থিতিত নদীখনৰ বাম হৈ পৰা বালিচৰসমূহৰ গতি-প্ৰকৃতিৰ ...

October 23, 2024 6:50 PM

views 51

নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন মন্ত্রী কেশৱ মহন্তৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ লগতে নতুনকৈ বালিচৰ পৰাৰ বাবে নিয়মীয়া ফেৰী সেৱা বন্ধ হৈ পৰাত কমলাবাৰী নিমাতীঘাট সংযোগী জলপথৰ শেহতীয়া অৱস্থাৰ বুজ ল'বলৈ পৰিবহণ মন্ত্রী কেশৱ মহন্তই আজি নিমাতীঘাট আৰু কমলাবাৰী পাৰঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী শ্ৰী মহন্তই কমলাবাৰী ঘাটৰ পৰা ফেৰী চলাচল পুনৰ আৰম্ভ কৰিবলৈ জল পৰিবহণ বিভাগে নদীৰ মাজৰ বালিচৰত খনন কাৰ্য আৰম্ভ কৰিব বুলি ব্যক্ত কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়ক ভূৱন গাম আৰু জিলা আয়ুক্তৰ উপস্থিতিত নদীখনৰ বাম হৈ পৰা বালিচৰসমূহৰ গতি-প্রকৃতিৰ ব...