মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাৰ চলিত বাজেট অধিৱেশনত কালি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই কথা জানিবলৈ দিয়ে। সদনত ৰাজহ বিভাগৰ পৰিপূৰক দাবী মঞ্জুৰী কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত ৫ লাখ ৮২ হাজাৰ পৰিয়ালক আৰু দ্বিতীয় পৰ্যায়ত ২ লাখ ২৯ হাজাৰ ৬৫৯টা পৰিয়ালক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত থকা এহেজাৰ ৭৪ খন জৰীপ নকৰাকৈ থকা ৰাজহ গাঁৱৰ ভিতৰত ৯১১ খন গাঁৱৰ ইতিমধ্যে জৰীপৰ কাম আৰম্ভ হৈছে আৰু ইয়াকে লৈ ছহেজাৰ ৭৮১ খন গাঁৱৰ জৰীপ সম্পূৰ্ণ হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যখনৰ বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত ৬ লাখ ৮৬ হাজাৰ পৰিয়ালক ৩৫৩ কোটি টকা আদায় দিয়া হৈছে।
Assamese | February 22, 2025 12:22 PM | Keshab Mahanta
মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ