অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান, গৰা খহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণী বতাহ আৰু ধুমুহা, গ্ৰীষ্ম প্ৰৱাহ, বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅ’লজিকেল জৰুৰীকালীন অৱস্থাক এই দুৰ্যোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। বানকে ধৰি অন্যান্য প্রাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৬ লাখ ৮৭ হাজাৰ ৫৬২ গৰাকী হিতাধিকাৰীলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত ৩৫৬ কোটি ৫৬ লাখ টকা মোকলাই দিয়া হৈছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | March 7, 2025 9:26 PM | Akashvani News | Assam Assembly | Keshab Mahanta
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি