গুৱাহাটীত অনুষ্ঠিত পঞ্চদশ ডিজিটেল ৰূপান্তৰকৰণ সন্মিলনত কালি উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ তথ্য প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ তথ্য প্রযুক্তি বিভাগৰ সহযোগত দেশৰ তথ্য প্রযুক্তি খণ্ডৰ আগশাৰিৰ এটা প্ৰতিষ্ঠানে আৰম্ভ কৰা দিজিটেল ৰূপান্তৰকৰণ সন্মিলন খনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে দিজিটেল ব্যৱস্থাৰ ক্ষীপ্ৰ তথা ব্যাপক প্ৰসাৰণে অর্থনৈতিক খণ্ডত প্ৰভাৱ পেলায়। বিশ্বজুৰি বহনক্ষম তথা সৰ্বাংগীন উন্নয়নৰ দিশটো তথ্য প্রযুক্তি আধাৰিত দিজিটেল ব্যৱস্থাৰ ব্যাপক সম্প্ৰসাৰণৰ ওপৰতে এতিয়া আটাইতকৈ বেছি নিৰ্ভৰশীল হৈ পৰিছে বুলি তেওঁ প্ৰকাশ কৰে। আগত দিনবোৰত দিজিটেল ৰূপান্তৰকৰণেই একোখন সমাজৰ উন্নয়নৰ মূল চালিকা শক্তি হ’ব বুলিও তেওঁ কয়।
Assamese | December 14, 2024 3:41 PM | Keshab Mahanta
গুৱাহাটীত পঞ্চদশ ডিজিটেল ৰূপান্তৰকৰণ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ