January 13, 2026 8:34 PM

views 53

সোণাপুৰৰ ছায়েন্স চিটী প্রকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি সোণাপুৰৰ ছায়েন্স চিটী প্রকল্প পৰিদৰ্শন কৰে আৰু দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰীৰূপে নির্মীয়মান এই প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো অন্তিম পৰ্যায়ৰ কাম-কাজখিনি নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ যাৱতীয় বিষয়া আৰু নিৰ্মাণ প্ৰতিষ্ঠানক নির্দেশ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে ৰাষ্ট্ৰ...

July 9, 2025 7:55 PM

views 69

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ মুকলি

ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ'ল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্য খণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে কলিয়াবৰ মহকুমা চিকিৎসালয় মুকলি কৰা কেন্দ্ৰটোত দৈনিক তিনিটা ভাগত ১২গৰাকী ৰোগ...

July 8, 2025 8:22 PM

views 81

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। চলিত বছৰৰ ডিচেম্বৰত এই প্রকল্প আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশ তদাৰকৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰাহালয় আঁচনিৰ অধীনত ৰাজ্য আৰু কেন...

May 25, 2025 6:54 PM

views 88

মন্ত্ৰী কেশৱ মহন্তৰ বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা

ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰস্তুতিৰ লগতে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰে। তেওঁ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত বানপানীৰ সময়ত মোকাবিলা কৰিবৰ বাবে আগতীয়াকৈ ১ কোটি ৭৫ লাখ টকা মোকলাই দিয়া বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ বাবে ৭৫ লাখ, বিহালী আৰু গহপুৰৰ বাবে ৫০ লাখকৈ টকা জিলা আয়ুক্তৰ জৰিয়তে মোকলা...

May 21, 2025 7:20 PM

views 77

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজুঃ কেশৱ মহন্ত

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্রণ কক্ষ মুকলি কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰাৰম্ভিক কাম-কাজসমূহৰ বাবেও ইতিমধ্যে আলোচনা হৈছে। বানৰ বাবে সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৩৫ খন জিলা আৰু ২৯ খন উপ-জিলাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু...

April 7, 2025 6:43 PM

views 55

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কাৰ্যপন্থা যুগুতৰ সন্দৰ্ভত কেশৱ মহন্তৰ বৈঠক

বাৰিষাৰ সময়ত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, সেনা বাহিনী, ভাৰতীয় খাদ্য নিগমকে ধৰি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকখনত বাৰিষাৰ সময়ছোৱাত বান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আগতীয়াকৈ সাজু হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰী মহন্তই বান ব্...

March 7, 2025 9:26 PM

views 77

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান, গৰা খহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণী বতাহ আৰু ধুমুহা, গ্ৰীষ্ম প্ৰৱাহ, বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅ'লজিকেল জৰুৰীকালীন অৱস্...

February 22, 2025 12:22 PM

views 74

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰায় ২ লাখ ২৯ হাজাৰ পৰিয়াললৈ ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিধানসভাৰ চলিত বাজেট অধিৱেশনত কালি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই কথা জানিবলৈ দিয়ে। সদনত ৰাজহ বিভাগৰ পৰিপূৰক দাবী মঞ্জুৰী কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত ৫ লাখ ৮২ হাজাৰ পৰিয়ালক আৰু দ্বিতীয় পৰ্যায়ত ২ লাখ ২৯ হাজাৰ ৬৫৯টা পৰিয়ালক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত থকা এহেজাৰ ৭৪ খন জৰীপ নকৰাকৈ থকা ৰাজহ গাঁৱৰ ভিতৰত ৯১১ খন গাঁৱৰ ইতিমধ্যে জৰীপৰ...

February 14, 2025 12:55 PM

views 59

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা অহা ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি হোৱাৰ বাতৰি আমালৈ আহিছে। ডিব্ৰুগড় জিলাৰ টেঙাখাট অঞ্চলত ধুমুহা আৰু শিল-বৰষুণত ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গছ-গছনি আৰু বৈদ্যুতিক খুঁটা উভালি পৰাৰ ফলত যাতায়তৰ লগতে বিদ্যুৎ যোগান সেৱাও ব্যাহত হৈ পৰে। ক্ষতিগ্ৰস্ত ২৭টা পৰিয়ালক টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা টিনপাত যোগান ধৰা হয়। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ডিগবৈ অঞ্চলত হোৱা শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ ব্যাপক ক্ষতিসাধনৰ লগতে বহুকেইটা বাসগৃহৰ ক্ষতি হয়।...

January 17, 2025 8:26 PM

views 65

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ অংশ হিচাপে বিকশিত অসম, বিকশিত ভাৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশল মহন্তৰ অধ্যক্ষতাত আজি জনতা ভৱনত এই প্ৰদৰ্শনীৰ উপ-সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰদৰ্শনীৰ প্ৰস্তুতিপৰ্বৰ সৈতে জড়িত বিভিন্ন দিশসমূহ বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিবকে ধৰি বিভিন্ন বিভাগৰ শ...