June 12, 2026 6:06 PM

views 35

অসম চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছত কাম-কাজৰ খতিয়ান

ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সু-শাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্রশাসন...

January 23, 2026 2:10 PM

views 56

পানীখাইটীত দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটীৰ পানীখাইটীস্থিত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্রতিষ্ঠান চৌহদত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এটা বিশ্বমানৰ দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত অসমৰ নদী অৱবাহিকা সুসংহতকৰণ ব্যৱস্থাপনা কাৰ্যসূচীৰ অধীনত এই প্ৰশিক্ষণ প্রকল্প সংযোজন কৰা হ'ব। আধাৰশিলা স্থাপন অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক অতুল বৰাৰ লগে পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড০ তপন দাস আৰু আৰক্ষী মহাপ...

January 22, 2026 12:04 PM

views 62

পানীখাইটিত চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ’ব

কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠান চমুকৈ চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত গুৱাহাটী লোকসভা সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও উপস্থিত থাকিব। এই নতুন আন্তঃগাঁথনিত প্ৰশিক্ষাৰ্থীৰ আবাস, শিক্ষাদান ব্লক, ৰান্ধনীশাল আৰু ডাইনিং হল, সামগ্ৰী সংৰক্ষণ, উদ্ধাৰ...

January 13, 2026 8:34 PM

views 57

সোণাপুৰৰ ছায়েন্স চিটী প্রকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি সোণাপুৰৰ ছায়েন্স চিটী প্রকল্প পৰিদৰ্শন কৰে আৰু দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰীৰূপে নির্মীয়মান এই প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো অন্তিম পৰ্যায়ৰ কাম-কাজখিনি নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ যাৱতীয় বিষয়া আৰু নিৰ্মাণ প্ৰতিষ্ঠানক নির্দেশ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে ৰাষ্ট্ৰ...

July 9, 2025 7:55 PM

views 72

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ মুকলি

ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ'ল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্য খণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে কলিয়াবৰ মহকুমা চিকিৎসালয় মুকলি কৰা কেন্দ্ৰটোত দৈনিক তিনিটা ভাগত ১২গৰাকী ৰোগ...

July 8, 2025 8:22 PM

views 85

সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ সমীপৱৰ্ত্তী সোণাপুৰত নিৰ্মীয়মান বিজ্ঞান নগৰী প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। চলিত বছৰৰ ডিচেম্বৰত এই প্রকল্প আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশ তদাৰকৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰাহালয় আঁচনিৰ অধীনত ৰাজ্য আৰু কেন...

May 25, 2025 6:54 PM

views 95

মন্ত্ৰী কেশৱ মহন্তৰ বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা

ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰস্তুতিৰ লগতে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰে। তেওঁ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত বানপানীৰ সময়ত মোকাবিলা কৰিবৰ বাবে আগতীয়াকৈ ১ কোটি ৭৫ লাখ টকা মোকলাই দিয়া বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ বাবে ৭৫ লাখ, বিহালী আৰু গহপুৰৰ বাবে ৫০ লাখকৈ টকা জিলা আয়ুক্তৰ জৰিয়তে মোকলা...

May 21, 2025 7:20 PM

views 83

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজুঃ কেশৱ মহন্ত

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্রণ কক্ষ মুকলি কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰাৰম্ভিক কাম-কাজসমূহৰ বাবেও ইতিমধ্যে আলোচনা হৈছে। বানৰ বাবে সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৩৫ খন জিলা আৰু ২৯ খন উপ-জিলাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু...

April 7, 2025 6:43 PM

views 60

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কাৰ্যপন্থা যুগুতৰ সন্দৰ্ভত কেশৱ মহন্তৰ বৈঠক

বাৰিষাৰ সময়ত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, সেনা বাহিনী, ভাৰতীয় খাদ্য নিগমকে ধৰি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকখনত বাৰিষাৰ সময়ছোৱাত বান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আগতীয়াকৈ সাজু হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰী মহন্তই বান ব্...

March 7, 2025 9:26 PM

views 85

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুর্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰী মহন্তই কয়, যে ভূমিকম্প, বান, গৰা খহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণী বতাহ আৰু ধুমুহা, গ্ৰীষ্ম প্ৰৱাহ, বিজুলী ঢেৰেকণি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅ'লজিকেল জৰুৰীকালীন অৱস্...