June 27, 2026 8:47 PM | Keshab Mahanta

printer

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত এন ডি আই এমৰ আৰ্হিত আঞ্চলিক প্রতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহ্বান

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি দিল্লীৰ ছফদজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটচৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। 

তেওঁলোকে বৈঠকত অসমত দুর্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ বৃদ্ধিৰ বিষয়লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰপূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য উপকৃত হোৱাকৈ অসমত এন ডি আই এমৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয়লৈও তেওঁলোকে আলোচনা কৰে। 

বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্রশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে । আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্পৰ বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰৱন্ধক মির্জা মহম্মদ ইর্শ্বাদ আৰু বান প্রশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।