সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্রণ কক্ষ মুকলি কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰাৰম্ভিক কাম-কাজসমূহৰ বাবেও ইতিমধ্যে আলোচনা হৈছে। বানৰ বাবে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৩৫ খন জিলা আৰু ২৯ খন উপ-জিলাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থা বিভাগে আগতীয়াকৈ ১০০ কোটি টকা মোকলাই দিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | May 21, 2025 7:20 PM | Assam Flood | Keshab Mahanta
সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজুঃ কেশৱ মহন্ত