ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ’ল’ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্য খণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে কলিয়াবৰ মহকুমা চিকিৎসালয় মুকলি কৰা কেন্দ্ৰটোত দৈনিক তিনিটা ভাগত ১২গৰাকী ৰোগীয়ে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব।
Assamese | July 9, 2025 7:55 PM | Keshab Mahanta
কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ মুকলি