গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ’বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ অংশ হিচাপে বিকশিত অসম, বিকশিত ভাৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশল মহন্তৰ অধ্যক্ষতাত আজি জনতা ভৱনত এই প্ৰদৰ্শনীৰ উপ-সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰদৰ্শনীৰ প্ৰস্তুতিপৰ্বৰ সৈতে জড়িত বিভিন্ন দিশসমূহ বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিবকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।
Assamese | January 17, 2025 8:26 PM | Keshab Mahanta
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত