চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই আজি অঞ্চলটো ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ কাজলগাঁৱত থকা জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰি মেলেৰিয়া প্ৰতিৰোধৰ জৰুৰী ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বি টি আৰৰ মুৰব্বীৰ উপদেষ্টা উত্তম নাৰ্জাৰীৰ উপৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
Assamese | November 28, 2024 7:44 PM | Assam | Keshab Mahanta | Minister
চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ