ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগবাকীয়ে ৰাজ্যখনৰ পথ উন্নয়ন আৰু মেৰামতিব বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে। ইফালে, শ্রীমহন্তই কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জনপথ মন্ত্রী সর্বানন্দ সোণোৱালকো সাক্ষাৎ কৰি ৰাজ্যৰ জলপথ উন্নয়নৰ বিষয়ে আলোচনা কৰে। এই সাক্ষাৎ কালত মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ পৰিবহন সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত মেঘ নিধি দাহালো উপস্থিত আছিল।
Assamese | August 1, 2024 8:08 PM | Akashvani | Keshab Mahanta
কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ