ৰাজ্যৰ পৰিবহন, তথ্যপ্রযুক্তি, বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰী শ্ৰীমহন্তই শিলচৰত পৰিবহন বিভাগে ব্যৱহাৰ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰালয়টোৰ দ্বাৰা স্থাপিত নেশ্যনেল ইনষ্টিটিউট ফৰ অটোমেটিভ ইন্সপেকচন, মেইন্টেনেণ্টছ এণ্ড ট্ৰেইনিঙক পূৰ্ণ ৰূপত কাৰ্যক্ষম কৰি অটোমেটেড টেষ্টিং চেণ্টাৰলৈ উন্নীতকৰণৰ অনুৰোধ জনায়। তদুপৰি শিলচৰৰ ধূলছেড়াৰ নেশ্যনেল হিল এৰিয়া ড্রাইভিং ট্ৰেইনিং চেণ্টাৰটো পুনৰুজ্জীৱিত কৰিবলৈ আনুৰোধ জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বিষয়টো মন্ত্ৰালয়ে বিবেচনা কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। এই সাক্ষাৎ কালত ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত মেঘনিধি দাহালো উপস্থিত আছিল।
ইফালে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্থল পৰিবহন আৰু জল পৰিবহন খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰে।
Assamese | August 2, 2024 6:04 PM | Keshab Mahanta
কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইছ ডি কুমাৰাস্বামীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ