মীন মন্ত্ৰী কেশৱ মহন্তই আজি অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত গুৱাহাটী ৰূপনগৰত থকা ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা মীন সমবায় সমিতিসমূহৰ সমূহীয়া কেন্দ্ৰটো উদ্বোধন কৰে। এই সমূহীয়া সেৱা কেন্দ্ৰটোত মীন সমবায়সমূহৰ সদস্য, মীন বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু মীন পালনকসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ কর্মশালা আদি অনুষ্ঠিত হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে ফিছফেডৰ সদৰ কাৰ্যালয়ৰ সমীপত থকা পুখুৰীত মীন বিভাগে উৎপাদন কৰা মাগুৰ মাছৰ পোনা মুকলি কৰে। এই অনুষ্ঠানত ফিছফেডৰ অধ্যক্ষ সুশীলা হাজৰিকা, উপাধ্যক্ষ দিল্লো শর্মাকে ধৰি মীন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।
Assamese | October 28, 2024 8:07 PM | Keshab Mahanta
গুৱাহাটীৰ ৰূপনগৰৰ মীন সমবায় সমিতিৰ সমূহীয়া কেন্দ্ৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ