ৰাজ্যত ২০১৬ চনৰ পৰা বানৰ ফলত মুঠ ৮৩৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৫৭ লাখ ৫৭হাজাৰ বিঘা ভূমিৰ খেতি নষ্ট হৈছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী কেশৱ মহন্তই কালি বিধানসভাত কয়, যে ৰাজ্যত ২০১৬ চনৰ পৰা ৮৩৬ গৰাকী লোকে বানত, ৯৩ গৰাকীয়ে ভূমি স্খলনত, ১৭৫ গৰাকীয়ে ধুমুহাত আৰু ৩৭২ গৰাকীয়ে বজ্রপাতত প্রাণ হেৰুৱাইছে। তেওঁ কয়, যে জিলা আয়ুক্তসকলৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি বানসহ প্রাকৃতিক দুর্যোগৰ ফলত ২০১৬ চনৰেপৰা ৫৭ লাখ ৫৬ হাজাৰ ৭০০ বিঘা ভূমিৰ শস্য নষ্ট হৈছে। এই সময়ছোৱাত প্রায় ২ লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি খহনীয়া জাহ যোৱা বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাক অবগত কৰে। কেন্দ্রীয় সাহায্য সন্দর্ভত শ্রী মহন্তই কয়, যে কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত ৩ হাজাৰ ৭৯৩ কোটি ৬০ লাখ টকা আৰু ৰাজ্যিক দুর্যোগ প্রশমন পুঁজিৰ অধীনত ৯৪৮ কোটি ৪০ লাখ টকা অনুমোদন দিছে। ৰাজ্যই ২০২২ চনৰ বানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত এহেজাৰ ২০৭ কোটি ২৭ লাখ টকা, জলাশয়ৰ পুনৰুজ্জীবিতকৰণৰ বাবে ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন পুঁজিৰ অধীনত ৬৯২ কোটি ৫ লাখ আৰু গুৱাহাটীৰ বান প্রশমনৰ বাবে ২০০ কোটি টকা লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰৰ বান স্মাৰক লিপিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ পৰা ৩৪৪ কোটি ২২ লাখ টকা অনুমোদন দিছে।
উচ্ছেদ অভিযান সন্দর্ভত শ্রী মহন্তই কয়, যে ২০১৬ চনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২৪ খন জিলাত অভিযান চলোৱা হৈছে। তেওঁ লগতে অসম ভূমি নীতি আৰু ভূমি ৰাজহ আইনৰ ব্যবস্থা অনুযায়ী চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে।