কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে।
মৰাপাটৰ আমদানিৰ অভাৱত কলটোৰ কাম-কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে, অসম সমবায় মৰাপাট কলত সংঘটিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈক ৰাজ্য চৰকাৰে সাময়িকভাৱে পদবীৰ পৰা নিলম্বন কৰিছে বুলিও শ্ৰী মহন্তই লগতে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে শ্ৰী গগৈৰ কাৰ্যকালত কলটোত বিয়াগোম বিত্তীয় কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ পৰা লাভ কৰা ৪৪ কোটি ৪০ লাখ টকাৰ বিত্তীয় সাহায্য পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছিল।