September 16, 2026 12:03 PM

views 9

কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎ‍সালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ

নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎ‍সালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ হ'ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি নির্মীয়মান শাখাটোৰ কাম-কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ১৫ৰ পৰা ১৮ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব। নতুনকৈ নিৰ্মাণ হ'বলগীয়া শাখাটোত শিশুৰ বাবে আই চি ইউকে ধৰি ভালেমান সুবিধা থাকিব বুলি তেওঁ আশা প্রকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি চিকিৎসালয়খনৰ চিকিৎসক আৰু প্ৰশাসন...

July 11, 2026 7:20 PM

views 30

কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’বঃ কেশৱ মহন্ত

কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মৰাপাটৰ আমদানিৰ অভাৱত কলটোৰ কাম-কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে, অসম সমবায় মৰাপাট কলত সংঘটিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈক ৰাজ্য চৰকাৰে সাময়িকভাৱে পদবীৰ পৰা নিলম্বন কৰিছে বুলিও শ্ৰী মহন্তই লগতে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে শ্ৰী গগৈৰ কাৰ্যকালত কলটো...

December 20, 2025 6:43 PM

views 53

২০ দিনীয়া অচলাৱস্থাৰ অন্তত অসম সমবায় মৰাপাট কলত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ

কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটত ২০ দিনীয়া অচলাৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ'ব। চনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্রকাশ পুৰোহিতক মৰাপাট কল পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

February 10, 2025 1:34 PM

views 42

কাইলৈৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন

কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কাইলৈৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এই গ্রন্থমেলা উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। অনুষ্ঠানত সাহিত্যিক উপেন বৰকটকী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।