September 16, 2026 12:03 PM
6
কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ
নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ হ'ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি নির্মীয়মান শাখাটোৰ কাম-কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ১৫ৰ পৰা ১৮ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব। নতুনকৈ নিৰ্মাণ হ'বলগীয়া শাখাটোত শিশুৰ বাবে আই চি ইউকে ধৰি ভালেমান সুবিধা থাকিব বুলি তেওঁ আশা প্রকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি চিকিৎসালয়খনৰ চিকিৎসক আৰু প্ৰশাসন...