নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ হ’ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি নির্মীয়মান শাখাটোৰ কাম-কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ১৫ৰ পৰা ১৮ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ’ব। নতুনকৈ নিৰ্মাণ হ’বলগীয়া শাখাটোত শিশুৰ বাবে আই চি ইউকে ধৰি ভালেমান সুবিধা থাকিব বুলি তেওঁ আশা প্রকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি চিকিৎসালয়খনৰ চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক চিকিৎসা সেৱাৰ স্থিতি পর্যালোচনা কৰে। তেওঁ ৰোগীসকলক অধিক উন্নত আৰু ফলপ্ৰসূ স্বাস্থ্যসেৱা প্ৰদানৰ দিশত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পর্কে আলোচনা কৰে। তেওঁ লগতে চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক তেওঁলোকে নিষ্ঠা সহকাৰে সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
Assamese | September 16, 2026 12:03 PM | kaliabor
কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ