July 24, 2026 6:48 PM | Keshab Mahanta

printer

যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ বান ব্যৱস্থাপনাৰ বাবে অতিৰিক্ত পুঁজি আবণ্টনঃ মন্ত্ৰী কেশৱ মহন্ত

বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে যোৰহাট জিলাৰ বাবে অতিৰিক্তভাৱে ১ কোটি আৰু শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বাবে ৪ কোটি টকাকৈ আবণ্টন কৰা হৈছে।

 জিলাকেইখনলৈ অতিৰিক্ত খাদ্য সামগ্রীও আবণ্টিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।