দিল্লীৰ দ্বাৰকাত নৱনিৰ্মিত দ্বিতীয়টো অসম ভৱন অহা মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

নতুন দিল্লীৰ দ্বাৰকাত নৱনিৰ্মিত দ্বিতীয়টো অসম ভৱন অহা মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মন্ত্ৰী কেশৱ মহন্তই আজি এই ভৱনটো পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি আৰু উদ্বোধনী অনুষ্ঠানৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে কয়, যে ভৱনটোৰ নিৰ্মাণকাৰ্য প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে আৰু অৱশিষ্ট কাম ক্ষিপ্ৰতাৰে আগবাঢ়িছে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণৰ সময়ছোৱাত দেশৰ ৰাজধানীৰ পৰাই জৰুৰী চৰকাৰী কাম-কাজসমূহ আগবঢ়াই নিব পৰাকৈ দুটা পৃথক কাৰ্যালয়ৰো ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী মহন্তই প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আজি উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনাতো মিলিত হয়।

কাজিৰঙাত অহা মাহৰ প্ৰথম সপ্তাহৰ পৰাই হাতী চাফাৰী আৰম্ভ হ’ব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কমেও ৪০ টা হাতী অনা হৈছে আৰু হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে। উদ্যানখনৰ বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে ছাফাৰি কৰাৰ বিপৰীতে কঁহৰা বনাঞ্চলত বিভাগীয় হাতীৰে ছাফাৰী কৰা হ’ব বুলিও উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।